নগাওঁ – বটদ্ৰৱা থানা জ্বলাই দিয়া ভয়ংকৰ কাণ্ডত সাঙোৰ খাই পৰিছে নাবালক, মহিলা। ৰাজ্য কঁপাই যোৱা বটদ্ৰৱা-কাণ্ডৰ প্ৰায় আঢ়ৈ মাহৰ মূৰত কালি নগাঁৱ আৰক্ষীয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰে৷ যোৱা ২১ মে’ত এদল উন্মাদ লোকে বটদ্ৰৱা থানা জ্বলাই ভস্মীভূত কৰাৰ লগতে থানাৰ মালখানাও জ্বলাই দি আৰক্ষীক আক্ৰমণ কৰা ভয়ংকৰ ঘটনাৰ পাছত আজি চাৰ্জশ্বীট দাখিল কৰা ঘটনা সংবাদ মাধ্যমৰ আগত সদৰী কৰে আৰক্ষী অধীক্ষক লীনা দলেই৷

নগাঁৱৰ আৰক্ষীয়ে থানা জ্বলাই দিয়া এই গোচৰটো সন্দৰ্ভত তদন্ত কৰি নগাঁও আদালতত ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে৷ এই চাৰ্জশ্বীটত আৰক্ষীয়ে দুগৰাকী নাবালক, ১৩ টা এতিয়াও পলাতক অভিযুক্ত আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্তসহ মুঠ ২৪গৰাকী লোকক অভিযুক্ত কৰে৷ আৰক্ষীয়ে লগতে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰিবলৈকো আদালতক আহ্বান জনায়৷

বটদ্ৰৱা-কাণ্ড সন্দৰ্ভত কালি বিয়লি এক সংবাদমেলত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই কয়, ‘বটদ্ৰৱা থানা আক্ৰমণ কৰি থানাখন জ্বলাই দিয়া গোচৰটোৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অতি কম দিনৰ ভিতৰতে তদন্ত সমাপ্ত কৰি নাবালক আৰু মহিলাসহ মুঠ ২৪ অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত ৭৯ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰা হৈছে৷ ৫৪/২০২২ নম্বৰৰ গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ ১২০/১২১/১৪৩/১৪৪/১৪৫/১৪৭/১৪৯/১৫২/১৫৩/১৫৫/৩২৬/৩০৭/৩৪২/৩৫৩/৪২৭/৪৩৬/ ৪৪০/৪৪৭/৪৫০/৩৪/৫১১ আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইন ১৯৮৪১ ধাৰা ৩/৪১ অধীনত ২৪জন লোককেই অভিযুক্ত কৰা হৈছে৷ ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট ৯০ দিনৰ আগতেই দাখিল কৰিবলৈ আমি সক্ষম হ’লোঁ৷ আমি আশা কৰিম যাতে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া দুমাহৰ ভিতৰত সম্পূৰ্ণ হয়৷

তেওঁ লগতে কয়য়, আমি আদালতত প্ৰাৰ্থনা জনাম৷ কিয়নো এই গোচৰটো অসম আৰক্ষীৰ বাবে অতি স্পৰ্শকাতৰ গোচৰ৷’

উল্লেখ্য যে তদন্তৰ নিৰপেক্ষতাৰ খাতিৰত এই সমগ্ৰ বিষয়টো কাৰ্বি আংলং জিলাৰ এজন আৰক্ষী বিষয়াৰ দ্বাৰা তদন্ত কৰোৱা হৈছে৷ তদন্তৰ প্ৰতিবেদন আহিলে কোনে কোনে গাফিলতি কৰিছিল সকলো কথা পোহৰলৈ আহিব আৰু সেই অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। বটদ্ৰৱা-কাণ্ডৰ সৈতে জেহাদী জড়িত থকাৰ কোনো তথ্য পোৱা গৈছে নেকি বুলি সোধা আন এটা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক লীনা দলেই কয়, ‘জেহাদীৰ কথাটো আমি সন্দেহ কৰিছিলোঁ৷ কিন্তু এতিয়ালৈকে তেনে কোনো তথ্য পোৱা নাই৷ অৱশ্যে বিষয়টোৰ সন্দৰ্ভত তদন্ত চলি আছে৷’

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘অপৰাধী চক্ৰই সম্পূৰ্ণ পৰিকল্পনা কৰি থানাখন জ্বলাইছিল৷ তেওঁলোক প্ৰস্তুত হৈ আহিছিল৷ আনকি পেট্ৰল পৰ্যন্ত যোগান ধৰা হৈছিল৷ বটদ্ৰৱা থানাৰ ৰেকৰ্ড নষ্ট কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য আছিল৷ কিন্তু এতিয়া সেই ৰেকৰ্ডৰ ৰি-কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে৷ গোচৰৰ যিবোৰ ফাইল জ্বলি গৈছে তাৰ কপি আমি আদালতৰ আৰু ক্ৰাইম ব্ৰাঞ্চৰ পৰা লৈ আদালতৰ অনুমতিসাপেক্ষে ৰি-কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছোঁ৷ অৱশ্যে দুটামান গোচৰৰ ক্ষেত্ৰত অলপ অসুবিধা হ’ব পাৰে৷ কিন্তু আমি সেই গোচৰো ৰি-কনষ্ট্ৰাকশ্যনৰ ব্যৱস্থা কৰিম৷’ ইপিনে থানাখন জ্বলাই দিওঁতে জ্বলি নষ্ট হোৱা আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰসমূহৰ তথ্য মজুত থকাৰ বিপৰীতে সাধাৰণ নাগৰিকৰ যিসমূহ বন্দুক আৰু জব্দ কৰা বন্দুকসমূহৰ তথ্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বুলিও তেওঁ কয়৷

উল্লেখযোগ্য যে যোৱা ২১ মে’ত আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ এজন মৎস্য ব্যৱসায়ীৰ মৃত্যু হোৱাত স্থানীয় একাংশ উন্মাদ লোকে বটদ্ৰৱা থানা জ্বলাই দিছিল৷ দিনদুপৰতে আৰক্ষীৰ চকুৰ সন্মুখত পেট্ৰল ঢালি দুৰ্বৃত্তই থানাখন জ্বলাই দিয়াত জুইৰ লেলিহান শিখাই থানাখনৰ মালখানা গ্ৰাস কৰাত মালখানাত মজুত থকা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও বিনষ্ট হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply