নগাঁও: নগাওঁ আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ পাছতো বছৰৰ অন্তিম দিনটোত নগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ।

পুৱাই নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং আৰু এন্টি নাৰক’টিক স্কোৱাদৰ এটি দলে নগাঁৱৰ ৰেল ষ্টেচনৰ সমীপত এটা বাসগৃহত অভিযান চলাই।

বাসগৃহটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও এগৰাকী যুৱতী সহ আৰক্ষীয়ে আটক কৰিছে ৪টা ব্যৱসায়ীক।

ধৃত আটকাধীন কেইটা হল ৰিয়া বেগম, জন্নত আলি, বিতু দাস, ইন্দ্ৰ কুমাৰ সিং আৰু অপু গোৱালা। উলেখ্য যে ৰিয়া বেগমে নিজা বাসগৃহৰ পৰা দীৰ্ঘদিন ধৰি ড্ৰাগছ আৰু নিচাযুক্ত ঔষধ সৰবৰাহ কৰি আহিছিল।

লগতে পঢ়ক- সুৰা বুলি এচিড পান কৰি ৩ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply