নগাঁওঃ সমগ্ৰ অসমৰ লগতে নগাঁও জিলাটো সংঘটিত হৈছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত অহা ধনৰ বৃহৎ কেলেংকাৰী। সোমবাৰে নগাঁৱৰ প্ৰেছ ক্লাবত জাতীয় দল অসমৰ সদস্যয়ে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ ওপৰত আয়োজন কৰে এখনি সংবাদমেলৰ। সংবাদমেলত দলটোৰ উপ-সভাপতিগৰাকীয়ে অভিযোগ কৰা অনুসৰি ৰকি মাতব্বৰ, ফিৰ্দুছ আলম, টফিক চৌধুৰী, দিলদাৰ, জলীল আৰু মুকাদিছ আলম নামৰ এই ছয় দুষ্টচক্ৰয়ে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত আবন্তিত হোৱা ধনৰ ব্যাপক কেলেংকাৰী সংঘটিত কৰি আহিছে।
লগতে পঢ়কঃগাই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ধেমাজি জিলাৰ বিস্তৃৰ্ণ অঞ্চল
একাংশ বেংকৰ চি এছ পি আৰু শিক্ষকৰ লগত লগ লাগি নগাঁও জিলাত ৫ কোটিৰো অধিক ধন আত্মসাত কৰিছে। সেয়ে অসম জাতীয় দলে ৬ দুষ্টচক্ৰৰ লগতে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ লগত জড়িত থকা বেংকৰ চি এছ পি সমূহ আৰু শিক্ষকৰ বিৰুদ্ধে চি বি আইৰ তদন্তৰ দাবী জনাইছে।