নগাঁও, লখিমপুৰঃ সোমবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰে।

নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তন কৰা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সকলে চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান নকৰা পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে।

ইফালে, দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখতো সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰে। নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তন কৰা দাবীত অনাগত সময়ত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে অচল কৰি তুলিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply