কামপুৰঃ ভৰ বাৰিষা পথাৰৰ বিপৰীতে বঢ়মপুৰ সমষ্টিৰ ৰাইজে ভূঁই ৰুব লগা হৈছে ৰাজপথত৷
বঢ়মপুৰ সমষ্টিৰ ৰাঙলু গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিখন গাঁও সংযোগী এটা পথ ৷ এজাক বৰষুণতে একাঠু পৰ্যন্ত বোকা হয় ৰাঙলু গাঁও পঞ্চায়তৰ পাঁচ নং ৱাৰ্ডৰ পথটো।
বিধ্বস্ত পথটোৱে বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাইছে তিনি খনকৈ গাঁৱৰ ৰাইজক। গাঁৱলৈ এম্বুলেঞ্চটো দূৰৰে কথা চাইকেলখনো কান্ধত নিব লাগে ৷
আৰু পঢ়কঃশোণিতপুৰত নিম্নগামী হোৱা নাই ক’ভিড আক্ৰান্তৰ হাৰ
যাতায়তৰ অনুপযোগী পথটো নিৰ্মাণৰ দাবীত অৱশেষত গড়াইহাগী গাঁৱৰ ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।
বিগত ৩০ বছৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উন্নয়ন কৰিব নোৱাৰা বঢ়মপুৰ সমষ্টিত এইবাৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে উন্নয়ন কৰিব পাৰিবনে নাই সেইয়া হ’ব লক্ষনীয়৷