নগাঁওঃ এতিয়া ৰঙালীৰ বতৰ। ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুৰ আখৰা। ফাগুনক বিদায় দি ধৰালৈ নামিছে বসন্তৰ আগজাননী। কিন্তু এনে সময়তে দৃষ্টি আকৰ্ষণ কৰিছে এখন বিশেষ কৰ্মশালাই। যিখন কৰ্মশালাত এপাক ককাঁল ঘূৰাই নাচিবলৈ ওলাই আহিছে কেইবা গৰাকীও মুছলমান সম্প্ৰদায়ৰ যুৱতী।

মৰ্চিকা, আৰ্জিনা, চাবিৰাৰ লগতে বহু কেইগৰাকীয়ে মনত অযুত সপোন লৈ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি বিহু শিকিবলৈ ওলাই আহিছে। পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া বিদ্যালয় প্ৰাংগণত ৰাজু শ‌ইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হৈ থকা কৰ্মশালাখনে এতিয়া দাঙি ধৰিছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন।

সংস্কৃতিৰ বৰঘৰ ৰূপে পৰিচিত পুৰণিগুদামৰে সমীপৱৰ্তী হালোৱাগাৱঁত অনুষ্ঠিত হৈ থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰা এই বিশেষ কৰ্মশালাখনৰ অন্তত অহা ১ বহাগত বাটৰ বিহু প্ৰদৰ্শন কৰা হ’ব বুলি ইতিমধ্যে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী আৰু সম্পাদক শ্যামেন্দ্ৰ বৈৰাগীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

উল্লেখ্য যে, নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে পুৰণিগুদাম প্ৰেছ ক্লাব আৰু ৰাজু শ‌ইকীয়াই হিন্দু-মুছলমানৰ ভেদাভেদৰ পৰিবৰ্তে সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিবলৈ চেষ্টা কৰা প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। আনহাতে, বহাগ বিহুৰ উৰুকা পৰ্যন্ত অনুষ্ঠিত হবলগীয়া কৰ্মশালাখনত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কণ কণ শিশু আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply