নগাওঁ আৱৰ্ত ভৱনত চাকৰিয়াল সকলে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু খাদ্য আৰু যোগান বিভাগৰ বিষয়াৰ লগত এখন সভাত মিলিত হয়।
অসম চৰকাৰ ৰ যোগান মন্ত্ৰী ৰঞ্জিত দাস ৰ আহ্বান ক্ৰমে দক্ষিণপাট সমবায় সমিতিৰ চৰকাৰী চাকৰি প্রাপ্ত কৰ্মচাৰী সকল আৰু আর্থিকভাৱে সবল ব্যক্তি সকলে স্ব ইচ্ছাৰে তেওঁলোকৰ ৰেচন কাৰ্ড সমূহ খাদ্য আৰু যোগান বিভাগৰ বিষয়াৰ হাতত জমা দিয়ে।
বিধায়ক গৰাকীয়ে বাকী কাৰ্ড প্রাপ্ত কৰ্মচাৰী সকলক তথা আৰ্থিক ভাৱে সবল ব্যক্তি সকলকো কাৰ্ড সমূহ জমা দিবলৈ আহ্বান জনায়।কৰ্মচাৰী সকলৰ এই কাৰ্যক বিধায়কৰ লগতে যোগান বিভাগৰ বিষয়া সকলে একেমুখে শলাগ লৈছে।লগতে পঢ়ক মাতৃক সাক্ষাৎ কৰাৰ বাবে যোৰহাটলৈ যোৱাৰ অনুমতি পালে অখিল গগৈ