কামপুৰঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চাহ বাগিচা অঞ্চলতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।
শনিবাৰে কন্দলী কোভিড হস্পিতালৰ ৰোগী সকলৰ লগতে বাগিচাৰ কোভিড আক্ৰান্ত লোকসকলৰ লগতে কাষত উপস্থিত হয় কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়ক শশীকান্ত দাসৰ লগতে সুৰেশ বৰা ।
উপস্থিত হৈ তেওঁলোকে আক্ৰান্ত লোকসকলৰ মাজক মাক্স-চেনিটাইজাৰ, ঔষধ বিতৰণ কৰে ।
উল্লেখ্য যে, নগাঁও জিলাৰ কন্দলী চাহ বাগিচাৰ অন্তৰ্গত ৩৫ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ বাগিচাৰ চিকিৎসালয়ত কোৱাৰেন্টাইন হৈ থকাৰ লগতে কন্দলী কোভিড হস্পিতালতো মধ্য অসমৰ বহু লোক চিকিৎসাধীন হৈ থাকিব লগা হৈছে।
ইফালে কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে মূল্যবৃদ্ধি, ভেকচিন, ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।
আৰু পঢ়কঃবৰপেটা জিলালৈ পিৰামল স্বাস্থ্যই আগবঢ়ালে ৫ টা অ’ক্সিজেন কনচেনট্ৰেটৰ, ৮০টা অ’ক্সিমিটাৰ