নগাঁওঃ দীপাৱলীৰ পিছদিনা পুৱাই চহৰ চাফাত নামিল শাসকীয় দলৰ এজন বিধায়ক ৷
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পুৱাই নিজকে নিয়োজিত কৰিলে নগাঁও চহৰৰ চাফাই কৰাৰ কামত ৷
দীপাৱলীত নগাঁও চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে ব্যৱহাৰ কৰা কলগছ সমূহ কৃষাণ মৰ্চাৰ কৰ্মীৰ লগত মিলি উঠাই পৰিষ্কাৰ কৰিলে বিধায়ক জনে ৷
দীপাৱলী উপলক্ষে ব্যৱহাৰ কৰা কলগছ সমূহ নগাঁৱৰ বন্যহস্তীৰ কৰিডৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে কৃষাণ মৰ্চাই ৷
লগতে পঢ়কঃমিঠাতেলৰ অবিহনে দুঘন্টাৰো অধিক সময় ধৰি জ্বলি থাকিব এটি বিশেষ চাকি