এইবাৰ এনকাউন্টাৰ অথবা ড্ৰাগছ বিৰোধী অভিযানৰ বাবে নহয় ক’ভিডৰ বাবে জোকাৰণি হৈছে নগাঁও আৰক্ষীত ৷ ক’ভিডত আক্ৰান্ত হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বৰ্তমান চৰকাৰী আবাসত আছুতীয়াকৈ আছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপৰি আন দুই অতিৰিক্ত আৰক্ষী অধীক্ষকো আক্ৰান্ত হৈছে ক’ভিডত ৷

কোভিড ১৯ত আক্ৰান্ত হৈছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰূপম হাজৰিকা । নগাঁৱৰ ক’ভিডত আক্ৰান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক দুজনো নিজা নিজা চৰকাৰী আবাসত আছুতীয়াকৈ আছে ৷

দুলীয়াজানৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত বহু আৰক্ষী অধীক্ষকৰ দেহত ক’ভিডৰ সংক্ৰমণ পোৱা গৈছিল যদিও সেই সময়ত ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিছিল আৰক্ষী অধীক্ষকগৰাকী।

লগতে পঢ়ক- পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত আয়োজন কৰিলে ম’হ যুঁজ

নগাঁও আৰক্ষীৰ কেইবাগৰাকীও বিষয়া তথা জোৱানৰ দেহত ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ। বৰ্তমান দুয়োকে হোম আইচ’লেচনত ৰখা হৈছে। অৱশ্যে হোম আইচ’লেচনত থকা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply