নগাঁও: ভুৱা এনকাউন্টাৰক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাত যে আৰক্ষীৰ ভুল আছিল সেই কথা চৰকাৰে গঠন কৰি দিয়া স্পষ্ট হৈছে প্ৰতিবেদনত। এই প্ৰতিবেদনত অসম আৰক্ষীৰ ডিজিপিক দিয়া হৈছে নিৰ্দেশনা।
ইয়াৰ পিছতো নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তদন্তৰ প্ৰতিবেদনক লৈ কৰা বিৰূপ মন্তব্যৰ বাবেই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে। যাৰবাবেই তৎকালে বদলী কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক।
আৰক্ষী অধীক্ষক গৰাকীয়ে অতিৰিক্ত মুখ্যসচিবৰ তদন্তক লৈ অসন্তুোষ্টি প্ৰকাশ কৰাৰ লগতে চিআইডিয়ে চলাই থকা তদন্তহে প্ৰকৃত তথ্যৰ উদঘাটন বিতৰ্কৰ আৱৰ্তত সোমাই পৰে SP আনন্দ মিশ্ৰ। শেহতীয়া তথ্য মতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক জৰুৰী ভাবে বদলীৰ নিৰ্দেশ দিয়া হৈছে।
লগতে পঢ়ক – অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ