নগাঁওঃ বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ। বহু কুখ্যাত অপৰাধীৰ উচটনিতেই বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে। ইতিমধ্যে বটদ্ৰৱা কাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে এছ আই টি। নগাঁও আৰক্ষীৰ নিৰাপত্তা, চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে ৬ জনীয়া এছ আই টি। থানা আক্ৰমণত জড়িত লোকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি অনুসন্ধান কৰা হৈছে জেহাদীৰ লিংক। এই পৰ্যন্ত ঘটনাত জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।  আন১৪ জনকৈ লোকক আটক কৰা হৈছিল যদিও পৰ্যাপ্ত তথ্য লাভ নকৰাৰ বাবে পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে আৰক্ষীয়ে। 

উল্লেখযোগ্য যে ছফিকুল ইছলাম নামৰ এজন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ অভিযোগ তুলি যোৱা শনিবাৰে একাংশ লোকে বটদ্ৰৱা থানা আক্ৰমণ আৰু জ্বলাই দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply