নগাঁওঃ নগাঁও মহাবিদ্যালয়ৰ সমীপত অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গৌৰৱ গগৈ ফেনচ ক্লাৱ আৰু নগাঁও এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই।

অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰীজনৰ স্মৃতিত নগাঁও পুলিচ ৰিজাৰ্ভত  আন্ত:বিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। দুয়োটা অনুষ্ঠানতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, স্মৃতিচাৰণ অনুষ্ঠানটিত এজন বিশেষভাৱে সক্ষম লোকে প্ৰাক্তণ মুখ্যমন্ত্ৰীজনক সোঁৱৰি মাল্যপ্ৰদান কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply