নগাঁৱৰ বুঢ়াগোহাঁই আদৰ্শ গাঁৱৰ মন্দিৰত নিশা চুৰিকাণ্ড । বুঢ়াগোসাঁই থানত চোৰে চলালে লুটপাট । স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা মন্দিৰতোত লুটপাত হোৱাক লৈ গাওবাসী শোকাহত।


মন্দিৰৰ সৈতে জড়িত সকলে জানিবলৈ দিয়া মতে, চোৰে লুটি লৈ গ’ল ৩২ ভৰি ৰূপ আৰু আঢ়ৈ ভৰি সোণেৰে নিৰ্মিত এটা মুকুট, ৩ ভৰি ৰূপৰ সাপ, ৮ খন পিতলৰ থাল, তামৰ ঘটিকে ধৰি নগদ ধন ।

চুৰি হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হব বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে।
মন্দিৰৰ দুৱাৰৰ তলা কাটি নিশা চোৰে কৰিছিল প্ৰৱেশ । ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply