নগাওঁঃ নগাঁও ৰাজপথত চাঞ্চল্যকৰ ঘটনা ৷ স্কুটি চালকে চোচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক। নগাঁও মহাবিদ্যালয় চ’কত সংঘটিত হৈছে এই ঘটনা।

যানবাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই আছিল নগাঁও ট্ৰেফিকে ৷

তেনে সময়তে হেলমেট পৰিধান নকৰাকৈ AS 02L 1023 নম্বৰৰ স্কুটি এখনত অহা দুই যুৱকক ৰখিবলৈ নিৰ্দেশ দিয়ে ট্ৰেফিকে ৷

কিন্তু ট্ৰেফিকৰ নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলোৱা যুৱকজনক বাধা দিয়ে যানবাহন আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক নিৰঞ্জন দিহিঙীয়াই ৷

লগতে পঢ়কঃ বেঁকী নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ

আনকি সহকাৰী উপ -পৰিদৰ্শক জনক এনেদৰে ৰাজপথৰে চোচৰাই নিয়ে স্কুটি চালক হয়বৰগাঁৱৰ মুচাহিদ ৰফিকুল আহমেদে ৷

পিছত উপস্থিত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে স্কুটি চালক যুৱকজনক ৷

নগাঁও ৰাজপথত যানবাহন আইন অমান্যকাৰীয়ে সংঘটিত কৰা এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply