নগাঁও: ৰাজ্য চৰকাৰে যিমানেই উৎকোচক লৈ চৰকাৰী কৰ্মচাৰীসকলক সাবধান বাণী শুনাইছে যদিও এচাম কৰ্মচাৰীৰ ঘোচ লোৱা পৰম্পৰা বন্ধ হোৱা নাই ৷
এইবাৰ আৰক্ষীৰ পৰা ঘোচ লৈ ধৰা পৰিল নগাঁও জিলা কোষাগাৰৰ মহিলা কৰ্মচাৰী। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে, এগৰাকী আৰক্ষী কনিষ্টবলে জিপিএফৰ ধন বিচাৰি কোষাগাৰলৈ আহোতে কাৰ্যলয়টোৰ জুনিয়ৰ এচিষ্টেন্ট খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰী গৰাকীয়ে ১০০০ টকা দিলেহে কাম হব বুলি জনাই ৷
সেই সম্পৰ্কে আৰক্ষী কনিষ্টবল জনে বিষয়টো আৰক্ষী অধীক্ষকক অবগত কৰোৱাত আজি ধন দিবলৈ আহোতে মহিয়া কৰ্মচাৰী গৰাকীক হাতেলোটে ধৰা পেলাই৷
আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু জানিবলৈ দিয়া মতে সমগ্ৰ ঘটনাতোৰ ভিডিঅ ৰেকৰ্ডিং কৰা হৈছে ৷ বিষয়টো দূৰ্নীতি নিবাৰক শাখাক অবগত কৰাব লাগিছিল যদিও বিষয়টো অতি খৰতকীয়া হোৱাৰ বাবে নগাঁও আৰক্ষীয়েই তৎপৰতাৰে এই অভিযান চলাব লগীয়া হয়৷