ৰূপহীহাট : নগাঁও-নলতলী ৰাজ্যিক ঘাইপথত ভয়াৱহ পথ দুর্ঘটনা। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কঢ়িওৱা ট্ৰাক বাগৰি পৰিল দ খাৱৈত। কথমপি তীব্ৰ বেগী ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ প্ৰাণ ৰক্ষা।
নগাঁও জিলাৰ নলতলী ৰাজ্যিক ঘাইপথৰ কাঞ্চনপুৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুর্ঘটনা। ৰাজ্যিক ঘাইপথৰ পৰা দ খাৱৈত এখন ট্ৰাক বাগৰি পৰাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জনৰ প্ৰাণ কথমপি ৰক্ষা পৰে। তীব্ৰ বেগী ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
আৰু পঢ়কঃ মানকাচৰত একেলগে দুজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কঢ়িওৱা ট্ৰাক দুর্ঘটনাত পতিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে দুর্ঘটনাস্থলীত শ শ লোক উপস্থিত হৈ চাউল খিনি উদ্ধাৰ কৰে। দুর্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ-১৭-১৭৮৯।