নগাঁওঃ ৰাতিপুৱা চাহ কাপৰ লগত আপুনিও ব্ৰেড খাইনে? নিতৌ পুৱাৰ ব্ৰেকফাষ্টত ব্যৱহাৰ কৰা ব্ৰেড বেকাৰীত কিমান লেতেৰা পৰিৱেশত প্ৰস্তুত হয় সেয়া দেখিলে হয়তো আপুনিও ঘৃণাত নাক কোচাব। সাংবাদিকৰ ষ্টিং অপাৰেচনত ধৰা পৰিছে নগাঁৱৰ এটা বেকাৰী ফেক্টৰীৰ চৰম অস্বাস্থ্যকৰ পৰিৱেশ। চৰম অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা হয় বেকাৰীৰ সামগ্ৰী। নগাঁও চহৰৰ কেঁচাআলিস্থিত সুৰুজ বেকাৰীৰ ভিতৰৰ ভাগত সোমাই আমাৰ সাংবাদিকে প্ৰত্যক্ষ কৰিছে ব্ৰেড, কেক অথবা বনৰ ওপৰত বগাই ফুৰিছে পইতাচোৰা। এটা লেতেৰা বাল্টিতে কণী ভাঙি কেক বনাবলৈ ময়দাৰ লগত মিহলোৱা হৈছে। আনহাতে ফেক্টৰীৰ ভিতৰতে গুটখা খাই পিক পেলাইছে শ্ৰমিকে। সেই ঠাইতে ৰখা হৈছে বেকাৰীত নতুনকৈ প্ৰস্তুত হোৱা খাদ্য সামগ্ৰী। অৱশ্যে সংবাদ মাধ্যমৰ কেমেৰা দেখি তৎ হেৰুওৱা বেকাৰীৰ মালিকে ক’লে “সদায় চাফা কৰিয়ে থাকো আজিহে লেতেৰা হৈ আছে”।
জনতাৰ স্বাস্থ্যসন্মত খাদ্যৰ নিশ্চিতৰ বাবে থকা ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে অৱশ্যে এইসমূহ দিশ পৰ্য্যবেক্ষণ কৰাৰ বাবে আহৰি নাপায়। কিন্তু এনে অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত হোৱা ব্ৰেড ৰাতিপুৱাৰ ব্ৰেকফাষ্টত গ্ৰহণ কৰি নিতৌ ন ন ৰোগত আক্ৰান্ত হৈছে ৰাজ্যৰ জনসাধাৰণ। এতিয়া প্ৰশ্ন হয় এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত পুৱাৰ চাহ কাপৰ লগত আপুনি বাৰু ব্ৰেড-বাটাৰৰ সোৱাদ ল’বনে?