নগাওঁঃ এগৰাকী যুৱতীৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাকলৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত ৷

নগাঁৱৰ হুজগাঁৱৰ বিপ্লৱ দাস নামৰ যুৱকজনে একেখন গাঁৱৰে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃগাছবাৰীৰ বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

তিনিবছৰৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা বুলি যুৱতীগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বিপ্লৱক ৷

অৱশ্যে যুৱতী গৰাকীৰ এই অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত যুৱকজনে ৷ যুৱতীগৰাকীয়ে পৰিকল্পিতভাবে ভিডিঅ’টো নিজে প্ৰস্তুত কৰি যুৱকজনৰ বিৰুদ্ধে মিছা অভিযোগ দিয়া বুলি মন্তব্য কৰিছে অভিযুক্তৰ পৰিয়ালে ৷

অশ্লীল ভাইৰেল ভিডিঅ’কলৈ উত্থাপন হোৱা অভিযোগ – প্ৰতি অভিযোগকলৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় হয়বৰগাঁও আৰক্ষী চকীৰ চৌহদত ৷

এতিয়া আৰক্ষীৰ সঠিক অনুসন্ধানতহে পোহৰলৈ আহিব কোনটো সঁচা- কোনটো মিছা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply