নগাঁওঃ ফেচবুকত আলফালৈ যোৱাৰ প’ষ্ট দি পুনৰ ৰঙাঘৰত সোমাল মহিলা। নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰিলে শ্বিপৰা দত্ত নামৰ এগৰাকী মহিলাক। বিজেপি নেতাৰ অত্যাচাৰৰ বাবেই আলফাত যোগদানৰ সিদ্ধান্ত এগৰাকী মহিলাৰ।
সামাজিক মাধ্যমত আলফাত যোগদানৰ কথা ঘোষণা কৰিছিল শ্বিপৰাই। বিজেপি নেতা তপন দাসৰ নিৰ্যাতনত ক্ষোভিত হৈ আলফাত যোগদানৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল শ্বিপৰাই। কিছুদিন পূৰ্বেও তপন দাসৰ বাবেই শ্বিপৰাই ঘৰুৱা বিবাদত ১২দিনৰ কাৰাবাস খাটিব লগীয়া হৈছিল। সংবাদমাধ্যমৰ আগত অভিযুক্ত শ্বিপৰাই কয়, ”মোক বিজেপিৰ তপন দাসে অত্যাচাৰ কৰিছে। মাৰ্দাৰ কেচতো মোক ফচাই জেলত ৰাখিছে। মই আলফালৈ যাবলৈ বিচৰাই নাই। বিজেপিৰ অত্যাচাৰত মই আবেগিক হৈ প’ষ্টটো দিছিলো। ”
ইফালে নৱ বৰা নামৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। ফেচবুকত আলফাক সমৰ্থন দি পোষ্ট দিছিল নৱ বৰাই।
নগাঁও সদৰ আৰক্ষীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ”তেওঁলোকে ফেচবুকত আলফালৈ যাম বুলি এটা প’ষ্ট দিছিল। যাৰ কাৰণে আমি এটা গোচৰ পঞ্জীয়ন কৰিছিলো। সেই গোচৰৰ ভিত্তিত আমি সোমবাৰে নৱ বৰা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিলো ইতিমধ্যে তেওঁক আদালতলৈ পঠিওৱা হৈছে। মঙলবাৰে আমি শ্বিপৰা দত্ত দাস নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছিলো। তেওঁ আলফালৈ যাম বুলি ফেচবুকত প’ষ্ট কৰিছিল।
দুয়োগৰাকী নগাঁও জিলাৰ বুলি জানিব পৰা গৈছে।