নগাঁওঃ নগাঁও চহৰৰ ৰাজপথলৈ মাজনিশা ওলাই আহিল এজাক মহিলা৷ হাতে হাতে লাঠী, টৰ্চ লাইট আৰু অন্যান্য সামগ্ৰীলৈ ওলাই আহিছে মহিলা সকল ৷ নিশা প্ৰতিটো ঘৰ টৰ্চ মাৰি পৰীক্ষা কৰিছে মহিলাৰ দলটোৱে৷ উল্লেখ্য যে, চহৰখনৰ ৯নং ৱাৰ্ডত বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱৰ বাবেই এনেদৰে নৈশ চকিদাৰৰ ভূমিকা পালন কৰিবলগীয়া হ’ল মহিলা সকলে।
৯নং ৱাৰ্ডৰ ৰামকৃষ্ণ ৰোড, বেঙ্গলীপট্টি, তিলক ডেকা পথ, কেলটেক্স আদি পথত বিগত সময়চোৱাত প্ৰায়েই সংঘটিত হৈছে চুৰিকাণ্ড৷ যাৰবাবে এতিয়া নিদ্ৰাহৰণ হৈছে ৰাইজৰ৷ কিন্তু নগাঁও আৰক্ষীয়ে চোৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মহিলা সকলে শেতেলি এৰি নিজৰ জীৱন আৰু সা- সম্পত্তি সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিশা এনেদৰে পহৰা দিছে৷ আনকি চুৰি কৰিবলৈ অহা চোৰৰ চিচি টিভিৰ ফুটেজ দিয়াৰ পিছতো আৰক্ষীযে এয়া নিচাসক্ত যুৱকৰ কাণ্ডহে বুলি দায়সৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। নগাঁও চহৰত চোৰৰ উপদ্ৰৱ উদ্বেগজনক ভাবে বৃদ্ধি পোৱাৰ পিছতো আৰক্ষীয়ে নিস্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাত এনেদৰে এতিয়া নগাঁওবাসীয়ে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভূগিব লগা হৈছে