নগাঁওঃ কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশৰ বিভিন্ন প্ৰান্তত বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। অসমত বিজেপি চৰকাৰে বিগত ৭ বছৰত চাকৰিৰ নামত কেৱল মাত্ৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতৰ লগত ভেকোভাওনাহে কৰিলে।

ইফালে, ভাৰত চৰকাৰে অগ্নিপথত ২৫%ৰ পৰিৱৰ্তে ১০০% য়ে চাকৰি দিয়াৰ দাবী জনাইছে যুৱ কংগ্ৰেছে। ৪ বছৰৰ পাছত অগ্নিপথৰ পৰা ঘূৰি অহা যুৱক-যুৱতীক অসম চৰকাৰে অসম আৰক্ষীত ভৰ্ত্তি কৰাব বুলি কোৱা কথাখিনি বিধান সভাত এখন আইনৰ জৰিয়তে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি যুৱ কংগ্ৰেছে দাবী উত্থাপন কৰিছে।

লগতে যুৱ কংগ্ৰেছে কয় যে- অগ্নিপথ আঁচনিয়ে অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিছে। এই অগ্নিপথ আঁচনিয়ে যুৱ প্ৰজন্মক সুৰক্ষিত কৰিব নোৱাৰে। কেন্দ্ৰীয় আৰু অসম চৰকাৰে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত হেতালি খেলটো অতি দুৰ্ভাগ্যজনক।

মঙলবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে আয়োজন কৰা সংবাদমেলত যুৱ কংগ্ৰেছৰ নগাঁও জিলাৰ তত্বাৱধায়ক কুকিল চন্দ্ৰ দাসে অগ্নিপথ আঁচনি আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply