নগৰবেৰাঃ নগৰবেৰাত সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হয় এটা বাসগৃহ। জুইৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চল কলাধোৱাই আৱৰি ধৰে ৷ স্থানীয় ৰাইজে কেইবা ঘন্টা ধৰি জুই নুমাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

নগৰবেৰাৰ ব্যৱসায়ী দুলাল সাহাৰ ঘৰত এই ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত প্ৰায় এক কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷

ঘটনা সংঘটিত হোৱা বহু সময় পলমকৈ বকো অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ লগতে স্থানীয়  ৰাইজৰ ৷ ইপিনে এই ঘটনাত কথামপি ৰক্ষা পৰে বৃহত্তৰ নগৰবেৰা বজাৰ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply