নগৰবেৰাঃ ৰাজ্যত অবাধ হাৰত বৃদ্ধি পাইছে চোৰাং কাঠৰ ব্যৱসায়।
নগৰবেৰাত বন বিভাগে অভিযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্ত্তি বলেৰো পিকআপ ।
এক গোপন সুত্ৰৰ পমখেদি নগৰবেৰাৰ জলজলী নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া ভূপেন চন্দ্ৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে চলাইছিল অভিযান।
আৰু পঢ়কঃ জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক
হাহিমৰ পৰা ছমৰীয়ালৈ চোৰাং শালকাঠ ভৰ্তি AS-25 DC 0471 নম্বৰৰ বলেৰো পিকআপ গাড়ী আহি থকা অৱস্থাত নাটকীয় কায়দাত বনবিভাগে নগৰবেৰাৰ ছমৰীয়াৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
বনবিভাগৰ লোকক দেখাপাই চালক, হেণ্ডিমেন সহ চোৰাং কাঠৰ বেপাৰীয়ে গাড়ীৰ পৰা জপিয়াই পলায়ন কৰে ৷
জব্দকৃত চোৰাং শালকাঠ খিনিৰ বজাৰ মূল্য প্ৰায় চল্লিশ হাজাৰ টকা হব বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰে।
জব্দকৃত বলেৰো পিকআপ গাড়ীসহ চোৰাং শালকাঠ খিনি নগৰবেৰা বনাঞ্চলিক বিভাগৰ কাৰ্যালয়লৈ অনা হয়।
এই ঘটনাৰ পিছতেই নগৰবেৰাৰ বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰি তুলিছে।