নিউজ ডেস্ক: শিৱসাগৰ জিলাৰ নাগিনীমৰাৰ কয়লা খনিত দুৰ্ঘটনা। সংকটজনক অৱস্থাত ৭ জন শ্ৰমিকক AMCHত ভৰ্তি।
আহত কেইজন হ’ল দিলদাৰ হুছেইন, হবিবুৰ ৰহমান, উছমান আলি, আব্দুল মতলিব, আৰিফ আহমেদ, সমীৰ আলি আৰু নুবিৰ হুছেইন।
আহত আটাইকেইজনকে ডিব্ৰুগড় অসম চিকিৎসামহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
আহত আটাইকেইজনৰ ঘৰ হৈছে গোলাঘাটৰ উৰিয়ামঘাটত।
৩০০ ফুট তলত খনন কাৰ্য চলাই থকা সময়তে গেছ নিৰ্গত হৈ অগ্নিদগ্ধ হয় শ্ৰমিক কেইজন।