জামুগুৰিহাটঃ সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত পদক জয়ৰে লাভলীনা বৰগোঁহায়ে ইতিহাসৰ বুকুত অসমৰ নাম খোদিত কৰাৰ পাছত ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমৰ যুৱক-যুৱতী সকলৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
তেনে সময়তে উত্তৰ অসমৰ ক্ৰীয়াৰ ক্ষেত্ৰখনলৈ এক নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই সম্পূৰ্ণ হৈ উঠিছে চতিয়াৰ নাগশংকৰত নিৰ্মীয়মান অত্যাধুনিক ষ্টেডিয়াম ।
প্ৰায় ১০ কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ অসমৰ ভিতৰতে আটকধুনীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই ষ্টেডিয়ামখনৰ অত্যাধুনিক গেলেৰী, খেলাপথাৰৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত কৰিব বিচৰা খেলৰ বাবে থকা ফ্লাড লাইটৰ ব্যৱস্থাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ক্ৰীয়া প্ৰেমী ৰাইজক।
লগতে পঢ়কঃক’লা ধোঁৱাই অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি কৰিছে পক্ষীয়াঝাৰ অঞ্চলত
মাত্ৰ দুটাবছৰৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামখন অহা দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামখনত গ্ৰামাঞ্চলৰ খেলুৱৈ সকলে খেলত মনোনিৱেশ কৰি লাভলীনা, হিমাদাসৰ দৰে খেলুৱৈৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী অঞ্চলবাসী ৰাইজ ।