চতিয়াঃ মুখ্যমন্ত্ৰী হৈ পোনপ্ৰথমবাৰৰ বাবে চতিয়াৰ নাগশংকৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ৷ চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নাগশংকৰ ষ্টেডিয়ামখন ২০১৮-১৯ বৰ্ষৰ এক ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।
লগতে পঢ়কঃব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলালে তেজপুৰৰ বিভিন্ন অঞ্চল
এই ষ্টেডিয়ামৰ কাষতে এটা ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুল নিৰ্মাণৰ বাবেও ১০ কোটি টকা প্রদানৰ প্রতিশ্রুতি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
এই উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস বিধায়কসকল ক্ৰমে পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, পৃথ্বিৰাজ ৰাভা, কৃষ্ণকমল তাঁতী আৰু গণেশ লিম্বু উপস্থিত থাকে৷