নাহৰকটীয়াঃ কাইলৈৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশন। লাখ লাখ ভক্তৰে উদুলি-মুদুলি হ’ব নাহৰকটীয়া ৰাঙলী কলীয়াপানী পথাৰ। 

হৰিনামেৰে মুখৰিত হৈ পৰিছে নীলমনি ফুকন সমন্বয়ক্ষেত্ৰ। দ্বিতীয় বৈকুন্ঠ ধামলৈ পৰিণত হৈ পৰিছে এই সমন্বয়ক্ষেত্ৰ।

এইবাৰৰ অধিৱেশনৰ বিশেষত্ব ৰূপে অভিহিত হোৱা দুটা বিশেষ বঁ‌টা ২৭ ফেব্ৰুৱাৰীত মুকলি সভাত প্রদান কৰা হ’ব। সমাজৰ বিভিন্ন ক্ষেত্ৰত  বিশেষকৈ সাহিত্য, সংস্কৃতি,প্ৰচাৰ ,সংগঠন আৰু যুৱ উত্কৰ্ষতা ক্ষেত্ৰত সেৱা আগবঢ়াই থকা বিভিন্ন জনলৈ মুঠ ১৩ টা বঁটা  এই ৯১ সংখ্যক বাৰ্ষিক অধিবেশনস্থলিত প্ৰদান কৰা হ’ব। 

খাদ্যবিভাগৰ পৰা চিকিৎসা বিভাগলৈকে ভকতক আদৰিবলৈ সাজু হৈ উঠিছে প্ৰতিখন কমিটী। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৩০খন বিচনাযুক্ত চিকিৎসালয় ৰাইজৰ সেৱাৰ বাবে সাজু কৰি তোলা হৈছে। 

২৭ফেব্ৰুুৱাৰীত ধৰ্মধ্বজ্জা উত্তোলনৰ বাবে সমন্বয় ক্ষেত্ৰৰ অস্থায়ী নামঘৰলৈ ভকত সকলে নাম প্ৰসংগলৈ শোভাযাত্ৰা কৰি আদৰি অনা হৈছে ধৰ্মধ্বজ্জা।

সন্ধিয়ালৈ অধিৱেশনথলী পাবহি দূৰদূৰণিৰ ভকত-বৈষ্ণৱ। লক্ষ লক্ষ ভকত-বৈষ্ণৱক আদৰিবলৈ এতিয়া সাজু আদৰণী সমিতি।

লগতে পঢ়কঃগোৰেশ্বৰৰ হাজলপাৰাত স্বামীগৃহৰ পৰা সন্ধানহীন মহিলা

ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত বুধবাৰৰ পৰা বাণিজ্যমেলা আৰু গ্ৰন্থমেলা আৰম্ভ হৈছে। অধিবেশনখনৰ মূল কাৰ্যসূচী ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব যদিও স্থানীয় ৰাইজৰ সুবিধাৰ্থে দুদিনৰ পূৰ্বৰ পৰা আৰম্ভ হৈছে মেলা আৰু প্ৰদৰ্শনী ৷

সৰ্বমুঠ ৬২৮ খন বিপনীৰ ব্যৱস্থা কৰা এই মেলাত আছে ৭৮ খনকৈ গ্ৰন্থ বিপনী । ভাৰতৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপনীৰ লগতে লোকবাদ্য, পোছাক, সৌন্দৰ্যৰ সামগ্ৰী, কাঁহ পিতল, দা কটাৰী, মণি মুকুতা, খাদ্য সামগ্ৰী আদিৰ প্ৰতিষ্ঠান এই মেলাত উপলব্ধ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply