নিউজ ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নাহৰকটীয়াতো নিষিদ্ধ হেৰইন,গাঞ্জাসহ আটক চাৰি ড্ৰাগছ আসক্ত যুৱক। এক গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে নাহৰকটীয়া আৰক্ষীৰ এটা দলে চাচনী আমগুৰী আৰু দলামুৰী গাঁ‌ৱৰ গাঁ‌ওৰক্ষী বাহিনীৰ সহযোগত আমগুৰী গাঁ‌ৱৰ নগা শইকীয়া নামৰ লোকজনৰ বাৰীত অভিযান চলাই নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জা সেৱন কৰি থকা অৱস্থাতে হাতে লোটে আটক কৰে চাৰিজন ড্ৰাগছ আসক্ত যুৱকক।

লগতে পঢ়কঃতেজপুৰত দিন দুপৰতে চোৰে লুটিলে লক্ষাধিক টকা

আৰক্ষীয়ে আটক কৰা যুৱক কেইজন হৈছে, ভৃগু চমোৱা,বাবুল দাস,সঞ্জয় খনিকৰ আৰু অজয় বৰুৱা। আৰক্ষীয়ে ধৃত যুৱক কেইজনৰ জিম্মাৰ পৰা ৯০ গ্ৰাম গাঞ্জা, ০.৫০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰাৰ লগতে তিনিখন মটৰ চাইকেই,ড্ৰাগছ সেৱনত ব্যৱহৃত বহু সা-সামগ্ৰী উদ্ধাৰ কৰে।

ইফালে, আৰক্ষীৰ অভিযানৰ উমান পাই আন তিনিজন ড্ৰাগছ আসক্ত যুৱক পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে NDPS 21(a)/22(a)/25/27 এক্টৰ অধীনত 142/21 নম্বৰত এক গোচৰ ৰুজু ধৃত যুৱক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰু পলাই যোৱা তিনি লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply