নিউজ ডেস্কঃ কোকৰাঝাৰ পৰ্বতঝৰা ঘন জংঘলৰ পৰা অত্যাধুনিক মাৰনাস্ত্ৰৰে মূল সুঁতিলৈ ওলাই আহিল এন এল এফ বিৰ তৃতীয় বৃহৎ দল।

উল্লেখযোগ্য যে যোৱা ২২ জুলাইত ওদালগুৰী জিলাৰ ভাৰত- অৰুণাচল সীমান্তত এম বাথাৰ নেতৃত্বধীন ২৩ জনীয়া আৰু ৮ আগষ্টত ভাৰত- ভুটান সীমান্ত ঝাৰবাৰী ঘন জংগল পৰা ৩২ জন কেডাৰ মূল সুঁতিত ওলাই অহাৰ পিছত আজি ভাৰত -বাংলাদেশ সীমান্ত পৰ্বতঝাৰা সিংগীমাৰী গাঁৱত হাতে হাতে অত্যাধুনিক মাৰনাস্ত্ৰলৈ ২১ জনীয়া কেডাৰ ওলাই আহে।

লগতে পঢ়কঃনাহৰকটীয়াত আটক চাৰি ড্ৰাগছ আসক্ত যুৱক

ঘন জংঘলৰ পৰা মুকলি আকাশৰ তলত অহা সশস্ত্ৰ সংগঠনৰ কেডাৰ সকলক আদৰণি জনাই এন এল এফ বি জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিলে স্থানীয় ৰাইজে।

প্ৰথমে ২৩ জন, দ্বিতীয়ত ৩২ জন ওলাই অহাৰ পিছত আজি ২১ জন অৰ্থাৎ মুঠ ৭৬ জন কেডাৰ ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনা বাবে ওলাই আহিল । বাকী থকা ১২৪ জন কেডাৰ স্বাধীনতা দিৱসৰ পূৰ্বে আহিব বুলি প্ৰকাশ কৰিছে সশস্ত্ৰ সংগঠনৰ উপাধ্যক্ষ বি বোকো আৰু শান্তি আলোচনা মধ্যস্তকাৰী পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply