সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিলে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

আন আন শিল্পীৰ লগতে উদিয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও এই অনুষ্ঠানতে গ্ৰহণ কৰিলে তেওঁলৈ আগবঢ়োৱা শ্ৰেষ্ঠ নেপঠ্য কণ্ঠশিল্পীৰ ‘প্ৰতিমা পাণ্ডে বৰুৱা বঁটা’।

নাহিদলৈ ‘নিজানৰ গান’ নামৰ ছবিখনৰ ‘নিলাতে লুকা ভাকু’ গানটোৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

কিন্তু আচৰিত কৰা কথাটো হ’ল যে ‘নিলাতে লুকা ভাকু’ শীৰ্ষক গানটোত নাহিদ আফ্ৰিনে কণ্ঠদান কৰা নাছিল। অৰ্থাৎ গানটোত প্ৰকৃততে কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে।

আনহাতে, সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতখনত বিতৰ্কৰ সৃষ্টি হৈছে। ‘নিলাতে লুকা ভাকু’ শীৰ্ষক গীতটোৰ প্ৰকৃত কণ্ঠশিল্পী ৰূপজ্যোতি দেৱীয়ে ফেচবুকত লোকসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ এখন ফটো আৰু বঁটাৰ লগত প্ৰদান কৰা মানপত্ৰৰ সৈতে ইউটিউবৰ এটা স্ক্ৰৃণ শ্বটো শ্বেয়াৰ কৰিছে।

ৰূপজ্যোতি দেৱীয়ে নিজেই কণ্ঠদান কৰা গানটোৰ ইউটিউব লিংকৰ সৈতে তেওঁ লিখিছে, এই গানটোৰ বাবে সন্মানীয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে নাহিদ আফ্ৰিনক অভিনন্দন জ্ঞাপন কৰিছে।

আনহাতে সমগ্ৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূচনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply