নাজিৰাঃ বিভিন্ন সময়ত প্ৰকৃতিৰ তাণ্ডৱৰ বাবে গঞা ৰাইজে যি সমূহ ফচল উৎপাদন কৰাত বাধাৰ সন্মুখীন হয় তাৰ সমান্তৰালকৈ সেই সমূহ বাধাৰ লগত ভৱিষ্যত দিনত মুকাবিলা কৰিব পৰাকৈ জুলাই মাহত চণ্টক চেংধৰা গাঁৱত শিৱসাগৰ জিলাৰ কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণাগাৰৰ উদ্যোগত প্ৰায় দহ বিধ উন্নত প্ৰজাতিৰ কঠিয়া ৰুপণৰ কায্যসূচী হাতত লোৱা হেছিল।

বিশেষকৈ বানপানীৰ সৈতে যুঁজিব পৰা ক্ষমতা থকা ৰঞ্জিত ছাব১ ,স্বৰ্ণ ছাব১ আৰু বাহাদুৰ ছাব ১ৰ কঠিয়া ৰুপণ কৰা হৈছিল।

লগতে পঢ়কঃদহ চকীয়া ট্ৰাক দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল

তাৰোপৰি থলুৱাভাৱে উৎপাদিত কণ জহা, মালভোগ জৰা ,কেতেকী জৰা ধানৰো কঠিয়া ৰুপণ কৰে।

মঙলবাৰে সম্পূৰ্ণ ১৫০-১৫৫ দিনৰ পাছত নাজিৰা মহকুমাধিপতি সাব্যসাচী কাশ্যপৰ লগতে কৃষিবিভাগৰ কেইবাগৰাকীয়ো বিষয়াৰ উপস্থিতিত পকা ধান সমূহ দোৱা হয়। আশা কৰা মতে ফল পাবলৈ সমৰ্থ হোৱাত উৎফুল্লিত হয় বিভাগীয় কৰ্মচাৰী সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,510 other subscribers

Leave a comment

Leave a Reply