নিউজ ডেস্কঃ নলবাৰীৰ জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাখনত সোমবাৰে ৬০ দিনৰ বাবে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিপিচি) ধাৰা ১৪৪ জাৰি কৰিছে।
নলবাৰী অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত ব্যাপক ৰূপে প্ৰতিবাদ কৰা দেখা গৈছে। যাৰ বাবে জিলাখনত এক বিশৃঙ্খলতা পৰিৱেশ সৃষ্টি হোৱা দেখা যায়। যাৰ বাবে জিলাখনত শান্তি পুনৰ ঘূৰাই আনিবলৈ প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰে।
সোমবাৰে জাৰি কৰা অধিসূচনাত নলবাৰীৰ জিলা দণ্ডাধীশ গীতিমনি ফুকনে উল্লেখ কৰে যে, “জিলাখনত শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে আৰু এনে শান্তি ভংগ ৰোধ কৰিবলৈ ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১৪৪ ধাৰাৰ বিধি আছে ।”
নিৰ্দেশনা অনুসৰি, কোনো চৰকাৰী, অৰ্ধ চৰকাৰী কাৰ্যালয়, পথ আদিকে ধৰি ৰাজহুৱা স্থানত পাঁচ বা ততোধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা হৈছে।
জিলাখনত ৰাজহুৱা স্থানত শোভাযাত্ৰা উলিওৱা নিষিদ্ধ কৰা লগতে আতচবাজীসহ বিস্ফোৰণও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে।
লগতে পঢ়ক – সাধাৰণ লোকে আৰক্ষী বিষয়াক সাক্ষাৎ কৰাক লৈ ৰাজ্যত নতুন নিৰ্দেশনা