নলবাৰী- বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন। দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।
শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তোলাৰ বিপৰীতে কংগ্ৰেছকে ধৰি অন্য বিৰোধী দলসমূহেও প্ৰচাৰ অব্যাহত ৰাখিছে।
নলবাৰী জিলাত শাসকীয় দল বিজেপিয়ে চলাই এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ।
নলবাৰী জিলাৰ বাসুদেৱ দেৱালয় প্ৰাংগণত নলবাৰী মণ্ডল সমিতিৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই পুতুলা নাচ প্ৰদৰ্শনৰে এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰকাৰ্য চলাই ভোটৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
আৰু পঢ়কঃ হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হ’লে অসম বিক্ৰী কৰি খাব : প্ৰমোদ বড়ো
নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয় সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ।
নলবাৰী সদৰৰ গৰ্ডন খেলপথাৰৰ পৰা এক বিশাল বাইকৰেলীৰে দলৰ কৰ্মী সকলে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক আদৰি আনে।
তাৰ পিছতেই প্ৰভু বাসদেৱ দেৱালয়ত মূৰ দোৱাই আশীৰ্বাদ লয় প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ লগতে সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে৷
আৰু পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত কেৱল মাত্ৰ বদৰুদ্দিন আজমলক ভয় কৰে : বদৰুদ্দিন আজমল
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমত ৪৭ খন আসনৰ দুই তিনি খন আসনত তুমুল প্ৰতিদ্বন্দিতা হ’ব আৰু ইয়াৰে ৯৫ শতাংশ আসনত ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে।
উক্ত সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ প্ৰভাৰী মনোজ বৰুৱাৰ লগতে একাধিক দলীয় কৰ্মকৰ্তা৷