নলবাৰীঃ নলবাৰী সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যু ৷ হৃদৰোগত আক্ৰান্ত হৈ নিশা প্ৰায় দহ বজাত আকস্মিকভাবে মৃত্যুৰ মুখত পৰে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকী৷
নলবাৰী ঘগ্ৰাপাৰৰ গাঁওৰ ঘৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাতে মৃত্যু হয় কলিতাৰ ৷ ২০০১ চনৰ পৰা ২০০৬ চনলৈ নলবাৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিল মদন কলিতা ৷ সুদীৰ্ঘ ৩৩ বছৰৰ মূৰত নলবাৰী সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল মদন কলিতাই ৷
১৯৪৯ চনৰ ২ জুনত জন্মগ্ৰহণ কৰিছিল সদ্য প্ৰয়াত প্ৰাক্তন বিধায়ক মদন কলিতাই৷
২০০৬ৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হয় ৷ ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ উক্ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল কলিতা৷
লগতে পঢ়কঃকলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনা,নিহত এজন
পৰৱৰ্তী সময়ত তেওঁ অগপ দলত যোগদান কৰিছিল ৷ মদন কলিতা বিধায়ক হৈ থকা কালত পত্নী চাৰুবালা কলিতা ঘগ্ৰাপাৰ জিলা পৰিষদৰ পৰা জয়ী হৈ নলবাৰী জিলা পৰিষদৰ উপ সভানেত্ৰী আৰু পিচলৈ ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ আৰু দুই কন্যা ইহসংসাৰত এৰি থৈ যায় ৷ তেওঁৰ আকস্মিক মৃত্যুত নলবাৰী জিলাত গভীৰ শোকৰ ছাঁ পৰে ৷ মদন কলিতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অতি প্ৰিয় আছিল ৷ ইপিনে প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুৰ খবৰ পাই মৃতদেহত শ্ৰদ্ধাঞ্জলী জনাবলৈ ঘগ্ৰাপাৰৰ কলিতাৰ ঘৰত উপস্থিত হয় নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা,প্ৰাক্তন বিধায়ক অশোক শৰ্মা,মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালে সংখ্যক গুণমুগ্ধ ৷
প্ৰাক্তন বিধায়ক কলিতাৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত বিশেষ পদক্ষেপ লোৱা হব বুলি সদৰী কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷