নলবাৰীঃ নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত উত্তৰ-পূৱ হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান (HMNEH) ৰ অধীনত “উচ্চ মূল্যযুক্ত শস্যৰ প্ৰসাৰ আৰু শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা ” সন্দৰ্ভত ৮আগষ্ট আৰু ৯ আগষ্টত দুদিনীয়াকৈ আয়োজিত কৃষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে।

অনুষ্ঠানৰ আৰম্ভণিতে জিলা কৃষি বিষয়া হবিবুল হকে প্ৰশিক্ষণৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে লগতে কৃষক সকলক “হৰ ঘৰ ত্ৰিৰংগা ” অভিযান সফল কৰিবলৈও আহ্বান জনায়। সহকাৰী কৃষি সঞ্চালক যোগেশ্বৰ ৰাজমেধিয়ে আৱতৰীয়া বতৰত উদ্যান শস্যৰ কৃষি উপযোগী হোৱাকৈ প্লাষ্টিক হাউচ্ ব্যৱহাৰৰ ওপৰত আৰু বছৰ জুৰি কৰিব পৰাকৈ বিভিন্ন শস্য ওপৰত বাখ্যা আগবঢ়োৱা লগতে প্লাষ্টিক হাউচ্ ৰ লাভালাভ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বস্তু বিশেষজ্ঞ( উদ্যান শস্য) হোমেশ্বৰ মজুমদাৰে শস্য চপোৱাৰ পিছৰ ব্যবস্থা, শস্য চপোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰা আৰু শস্যত লগা বিভিন্ন বেমাৰ আৰু সংৰক্ষণ সম্পৰ্কে আলোচনা কৰে। মহকুমা কৃষি বিষয়া কুমুদ হালৈ (উদ্যান শস্য) মহকুমা কৃষি বিষয়া মুনিন্দ্র কুমাৰ শৰ্মা (ফল সংৰক্ষণ) আৰু মহকুমা কৃষি বিষয়া উমেশ ডেকাইও শস্য চপোৱাৰ আৰু শস্যৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা , কৃষি ভূমিৰ গুণাগুণ বৃদ্ধি আৰু পোক লগা, বিভিন্ন বেমাৰ আজাৰ , সংৰক্ষণ ,শস্যত ব্যৱহৃত ঔষধ আদি বিষয়ে মত বিনিময় কৰে কৃষক সকলৰ সৈতে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply