নলবাৰী : নলবাৰী জিলাৰ বালিকৰিয়াৰ বাসিন্দা দীপক ৰাজবংশী বহু প্ৰতিভাৰ অধিকাৰী। পেচাত এগৰাকী কাঠমিস্ত্ৰী যদিও তেওঁ একেধাৰে কামৰূপী লোকগীত, ওজাপালি, নাগাৰা নামৰ শিল্পী হোৱাৰ উপৰিও তেওঁ নিজে গীত ৰচনা কৰাৰ লগতে গীত গায়।

যোৱা বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নামত তেওঁ এটি গীত ৰচনা কৰি গীতটি গাই তেওঁ ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল। ইফালে তেওঁ গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত হৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তেওঁ অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।

এইবাৰ তেওঁ চৰ্চালৈ আহিছে অন্য এটা কাৰণত। ভগৱান শ্ৰীবিষ্ণুৰ অনন্ত শয্যা নিৰ্মাণ কৰি এইবাৰ দীপক ৰাজবংশী চৰ্চালৈ আহিছে। তেওঁৰ অতিকৈ প্ৰিয় ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰিবলৈ দীপক ৰাজবংশীয়ে অনন্ত শয্যাখন নিৰ্মাণ কৰি আছে।

লগতে পঢ়ক : যুৱ লেখক, কবি, নাট্য সমালোচক হিমাংশু ৰণ্ জন ভূঞালৈ “সাহিত্য প্ৰেৰণা এৱাৰ্ড”

১৫ আগষ্ট তাৰিখে অনন্ত শয্যাখন তেওঁ নিজ হাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব। সম্পূৰ্ণ নিজা খৰছত অনন্ত শয্যা নিৰ্মাণ কৰি থকা দীপক ৰাজবংশীৰ পৰিয়ালটো আৰ্থিকভাৱ যথেষ্ট দূৰ্বল। চৰকাৰী ঘৰ, অৰুণোদয় আদি কোনোধৰণৰ আঁচনিয়ে ধুকি পোৱা নাই দীপক ৰাজবংশীৰ পৰিয়ালক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply