নলবাৰী : ৰাজ্যজুৰি ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে বছৰৰ প্ৰথমটো বানে তাণ্ডৱ চলাবলৈ আৰম্ভ কৰিছে। উত্তৰ অসমৰ লখিমপুৰ জিলাত ৰঙানদীৰ বাঢ়নী পানীয়ে নৈ পৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে লখিমপুৰৰ পাচনৈত বাঁহৰ দলঙ উটুৱাই নিয়াৰ পিছতে নলবাৰীত পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে এখন নিৰ্মীয়মান পকী দলঙ।
নলবাৰী জিলাৰ সন্ধাত পাগলদিয়া নৈৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা এখন পকী দলঙৰ সামগ্ৰী পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে। বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত পাগলদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নদীৰ বাঢ়নী পানীয়ে নিৰ্মীয়মান দলঙৰ সামগ্ৰীৰ লগতে কেইবাজনো শ্ৰমিকক উটুৱাই নিয়ে যদিও পৰৱৰ্তী সময়ত শ্ৰমিক সকলক উদ্ধাৰ কৰা হয়।
লগতে পঢ়ক : বিশিষ্ট বলিউড অভিনেতা দিলীপ কুমাৰ মুম্বাইৰ হিন্দুজা হস্পিতালত চিকিৎসাধীন
ঘটনাত কেইবাজনো শ্ৰমিক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আঘাটপ্ৰাপ্ত শ্ৰমিক সকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দলঙ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰে অতি লেহেমীয়া গতিত দলঙখনৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ লগতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে।