গুৱাহাটী : এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম আৰু ফটো ৰাজহুৱা কৰিলে চিবিআয়ে। তিনি হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰি তেওঁলোকৰ সন্ধান দিওঁতালৈ ২ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা।
২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল এমবিএমছুৰ সভাপতি লাফিকুল ইছলামক। উক্ত গোচৰৰ তদন্তত ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম, দিংকুৰ মুছাহাৰী ওৰফে দাও আৰু ভদেশ্বৰ বসুমতাৰীক হত্যাকাৰী হিচাপে চিহ্নিত কৰা হৈছে। এই তিনিজনৰ সন্ধান দিওঁতালৈ ২ লাখ টকা ঘোষণা কৰা হৈছে।
লগতে পঢ়ক : স্বামীৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে অভিনেত্ৰী শিল্পা ছেট্টীয়ে, কি ক’লে?
হত্যাৰ চাৰিবছৰৰ পিছত অৱশেষত চিনাক্ত হ’ল লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম। চিবিআইয়ে ৰাজহুৱা কৰিলে লাফিকুল ইছলামৰ তিনি হত্যাকাৰীৰ নাম।