জামুগুৰিহাটঃ এতিয়াৰে পৰা কন্যকাত সকলো সময়তে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি থাকিব ৷ এক মুকলি পৰিবেশত, মুকলি মনৰে এই স্থানত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত নিজকে বিলিন কৰি দিয়াৰ এক আশ্ৰয় হিচাপে ল’ব পাৰিব ৷

দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ল কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ ৷

ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামঘৰটিত স্থানীয় ভক্তপ্ৰাণ ৰাইজে “থাপনা” প্ৰতিষ্ঠা কৰাৰ লগতে দুপৰীয়া নামপ্ৰসঙ্গ অনুষ্ঠিত কৰে ৷

লগতে পঢ়কঃআনলক আৰম্ভ হলে বৃদ্ধি হ’ব যাত্ৰীবাহী বাহনৰ ভাড়া

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত গঢ়লৈ উঠা ভৰলী পৰীয়া কন্যকা কৃষি পৰিদৰ্শন কৰিবলৈ অহা লোক সকলৰ বাৱে এই নামঘৰ প্ৰতিষ্ঠা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

কন্যকাত এখন আটক ধুনীয়া বৃদ্ধাশ্ৰম নিৰ্মাণৰো পৰিকল্পনা হাতত লোৱা বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

নামঘৰত আঠুলৈ বিধায়ক গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজৰ মঙ্গল কামনাৰ্থে ৰাইজৰ আশীৰ্বাদো গ্ৰহণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply