নিউজ ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে নামতোলা। অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত পুনৰ শুকুৰবাৰে আটক দুই অৰুণাচলী ড্ৰাগছ সৰবৰাহকাৰী।

আটকাধীন ব্যক্তি দুজনৰ নাম ওৱাংগে ওৱাংজেন আৰু পিংছাই তিংগখাত্ৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

আৰু পঢ়কঃমাজুলীত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান! আটক গাঞ্জা সৰবৰাহকাৰী

ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে  বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে এখন স্কুটি ।
আটকাধীন দুই ব্যক্তিৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে নামতোলা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply