গুৱাহাটী : বিধানসভা চৌহদত প্ৰতিবাদত বহিল বিধায়িকা নন্দিতা দাস। হাতত প্লেকাৰ্ডলৈ বিধানসভা চৌহদত প্ৰতিবাদত বহিল বকোৰ কংগ্ৰেছ দলৰ বিধায়িকা গৰাকী।

বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ সীমা বিবাদ সমাধানৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে বকো সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাসে। অসম-মেঘালয় সীমান্তৰ মানুহক সুৰক্ষা প্ৰদান কৰক, আমাৰ মাটি কোনো কাৰণতে মেঘালয়ক দিয়া নহ’ব লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে নন্দিতা দাসে।

লগতে পঢ়ক :  গোৰেশ্বৰৰ দেউচুঙাত বন্যহস্তীৰ উপদ্ৰৱ

সীমান্তবাসী ৰাইজক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনায় বিধায়িকা গৰাকীয়ে। উল্লেখ্য যে আজি অসম বিধনাসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন। পাঁচদিনীয়ালৈ চলিব লগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply