নন্দিতা শইকীয়া

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই
ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিত্সালয়ত মৃত্যু নন্দিতাৰ
ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়া
শনিবাৰে ধেমাজিৰ ৰাজপথত দিন-দুপৰতে বৰ্বৰ আক্ৰমণৰ বলি হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী৷

মৰিধল কলেজৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল নন্দিতা শইকীয়া আৰু তেওঁৰ সহপাঠী কস্মিতা দত্তক৷

প্ৰেমজনিত কাৰণতেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ৷ প্ৰেমত প্ৰতাৰিত হোৱাৰ বাবেই ৰাজপথ ৰক্তাক্ত কৰি এই শিহৰণকাৰী ঘটনা সংঘটিত কৰিছিল ৰিণ্টু শৰ্মাই৷

লগতে পঢ়ক ধেমাজীৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুকলৈ উৰাবাতৰি

ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে আপ্রাণ চেষ্টা চলাইছিল ৷
নন্দিতাৰ মগজুৰ জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে যদিও স্বাস্থ্যৰ অস্থিৰতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।
নন্দিতাৰ মগজুৰ ৮৯ শতাংশ সক্ৰিয়তা নোহোৱা হৈ গৈছিল ৷

১বাজি ১০মিনিটত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ মেডিকেল ত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই

নন্দিতাৰ ঘৰ ঢকুৱাখনা কাঠৰবাৰী গাঁৱত। মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী আছিল নন্দিতা।

লগতে পঢ়ক চতুৰ্থ দিনাও জীৱন মৃত্যুৰে যুঁজি আছে মৰিঢলৰ নন্দিতাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply