নিউজ ডেস্ক: বেলতলাৰ বাসগৃহত হত্যা কৰি থৈ যোৱা বয়োজ্যেষ্ঠ দম্পত্তিৰ তদন্ত পূৰ্ণগতিত চলিছে যদিও অপৰাধীয়ে এতিয়াও স্বীকাৰ কৰা নাই | পৰিয়ালটোৰ কেয়াৰ টেকাৰ হিচাবে থকা আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আগবাঢ়িছে যদিও এতিয়াও মুখ খোলা নাই আকাশে ।

আৰক্ষী আয়ুক্ত হৰমিত সিঙে জনোৱা মতে,গুৱাহাটীৰ হত্যাকান্ডৰ ঘটনাত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত । ঘৰৰ পাছফালৰ খিৰিকিৰে ভিতৰত প্ৰবেশ কৰি এই অপৰাধ কৰাৰ তথ্য পাইছে আৰক্ষীয়ে । ফৰেনচিক প্ৰতিবেদন মতে আকাশ চৌধুৰীৰ উপস্থিতি সকলোতে পাইছে ।

এই বৰুৱা পৰিয়ালটোৱে অটো কিনি দিছিল আকাশক, সন্তানক পঢ়ুৱাইছিল ইংলিছ মিডিয়াম স্কুলত । ইয়াৰ পিছতো কিয় নৃশংস ভাবে হত্যা কৰিলে বৃদ্ধা দম্পত্তিক ঘাতক আকাশে সেই কথা ওলোৱা নাই এতিয়ালৈকে । আৰক্ষীৰ আগত এতিয়াও স্বীকাৰ কৰা নাই কেয়াৰ টেকাৰ আকাশে । আৰক্ষীয়ে ন্যায়ালয়ত হাজিৰ কৰোৱাই সাত দিনৰ বাবে জিম্মাত লৈ জেৰা চলাইছে ।
আজি আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো পান বজাৰ থানাৰ বিষয়া ভনিতা দাসৰ নেতৃত্বত জেৰা চলিছে | অতিৰিক্ত ভাবে বহুজনকে সোধাপোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে । তদন্ত চলি থকাৰ মাজতে কালি নিশা মুখ্যমন্ত্ৰীও উপস্থিত হয় বৰুৱা দম্পত্তিৰ বাসগৃহত।

লগতে পঢ়ক- মাৰ্চৰ ভিতৰত অসমত বেংকৰ ৫৭ টা নতুন শাখা মুকলি কৰা হ’ব : কেন্দ্ৰীয় মন্ত্ৰী

আনহাতে আজি পুৱাৰ ভাগত বাসগৃহলৈ অনা হ’ল ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ নশ্বৰ দেহ।
পুৱা লণ্ডনৰ পৰা আহি বাসগৃহত উপস্থিত হৈছে জ্যেষ্ঠ কন্যা মানসী বৰুৱা। মুম্বাইৰ পৰা আহি মঙলবাৰে উপস্থিত হৈছিল কনিষ্ঠা কন্যা সোণালী বৰুৱা। একেলগে জ্বলি উঠিল দুখনকৈ চিতা। কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি। তদন্ত প্ৰক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰী, আৰক্ষী আয়ুক্ত তথা সাংবাদিকক ধন্যবাদ জনালে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ দুই কন্যাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply