বোকাখাত, উত্তম কুমাৰ শৰ্মা: সদ্য ঘোষিত অসম ন্যায়িক সেৱাৰ গ্ৰেড ১ ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে বোকাখাতৰ অধিবক্তা নাৰায়ণ উপাধ্যায়।

চাৰি গৰাকীকৈ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথম শ্ৰেণীৰ বিচাৰপতি হোৱা নাৰায়ণ উপাধ্যায় বোকাখাতৰ প্ৰথম গৰাকী অধিবক্তা।

বিগত বৰ্ষৰ ৩ মে ত প্ৰকাশিত চৰকাৰী বিজ্ঞাপনৰ ভিত্তিত প্ৰাৰম্ভিক, লিখিত আৰু viva এই তিনিটা পৰ্যায়ত অনুস্থিত হৈছিল এই পৰীক্ষা। চলিত বৰ্ষৰ ২৭ এপ্ৰিলত প্ৰকাশ পায় পৰীক্ষাৰ চূড়ান্ত ফলাফল।

উল্লেখযোগ্য যে ২০১৩ চনত বোকাখাতত প্ৰতিষ্ঠা হোৱা বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত প্ৰতিষ্ঠা কালৰে পৰা অধিৱক্তা হিচাপে কৰ্মৰত আছিল নাৰায়ণ উপাধ্যায়। তাৰ মাজতে গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালততো কৰ্মৰত আছিল অধিৱক্তা গৰাকী।

লগতে যোৱা দুটাকৈ বছৰ বোকাখাত উকীল সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল অধিৱক্তা নাৰায়ণ উপাধ্যায়ে। অধিৱক্তা গৰাকীৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে বোকাখাতবাসীৰ লগতে বোকাখাত উকীল সন্থা।

লগতে পঢ়ক – গণেশগুৰিৰ ৰাজপথ উত্তাল কৰিলে আম আদমি পাৰ্টীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply