লখিমপুৰ : নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত তিনিজনকৈ লোক। হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন দুর্ঘটনাগ্ৰস্ত। ট্ৰেক্টৰত হুঁচৰি গাবলৈ গৈছিল বিহুৱা দলটো। ট্ৰেক্টৰ বাগৰি পৰাত নিহত হয় তিনিজন, পাঁচ জনৰ অৱস্থা অতি সংকটজনক।
বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত নাৰায়ণপুৰৰ চেঁচা নদীৰ দলঙত সংঘটিত হয় এই পথ দুর্ঘটনা। দুর্ঘটনাত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ তিনিজনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী লোক।
আৰু পঢ়কঃঅসম-মেঘালয় সীমান্তৰ ৰাঙাপানীত বৰদৈচিলাৰ তাণ্ডৱ
চাৰিখন ট্ৰেক্টৰৰে হুঁচৰি গাবলৈ যোৱা বিহুৱা দলটোৰ এখন ট্ৰেক্টৰ নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা নদীৰ দলঙত বাগৰি পৰে। দুর্ঘটনাত থিতাতে নিহত হয় পুংখা বসুমতাৰী নামৰ এজন যুৱক। তেজপুৰ অসামৰিক চিকিৎসালয় লৈ নিয়াৰ পথত মৃত্যু হয় কানছাইগিৰি ব্ৰহ্ম আৰু কনকলাল নাৰ্জাৰী নামৰ দুজন যুৱক।
আৰু পঢ়কঃজুৰীয়াত পুৱতি নিশা ব্ৰজ পৰি ভয়াৱহ অগ্নিকাণ্ড
দুর্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক। আহত সকলৰ ভিতৰত পাঁচজনকৈ লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ অসামৰিক চিকিৎসালয় আৰু লখিমপুৰ চিকিৎসলায় লৈ প্ৰেৰণ কৰা হৈছে।