নাৰায়ণপুৰ– নিৰ্বাচনৰ দিন চমু চাপিছে। তেনে সময়তে নাৰায়ণপুৰত সংঘটিত হৈছে নিৰ্বাচনী হিংসা।
নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ আহি থকা অৱস্থাত ৰাইজৰ দলৰ দুজন সমৰ্থকক দুৰ্বৃত্তই আক্ৰমণ কৰে৷
নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱা গাঁৱত কোৰেৰে সমৰ্থক দুজনক প্ৰহাৰ কৰে দুৰ্বৃত্তই ।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় তোষেশ্বৰ লেখাৰু আৰু দেৱেশ্বৰ লেখাৰু নামৰ লোককেইজন।
ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতিছিল সমৰ্থক দুজন ৷
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আহত লোক কেইজনে ৷
আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।