নাৰায়ণপুৰ: ‘ৰক্তদান জীৱন দান’, ‘ৰক্তই জীৱন’ এই শ্লোগানেৰে নাৰায়ণপুৰত দেওবাৰে এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টিম হিউমেনিটি আৰু প্ৰিয় বন্ধু গোটৰ সহযোগত নাৰায়ণপুৰৰ জালভৰীয়াস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মৃতি ভৱনত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।
নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোনতৃষ্ণা ঘৰফলীয়াই শুভাৰম্ভ কৰা অনুষ্ঠানটিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, সহকাৰী সম্পাদক সৌৰভ দাস, লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেবজিত ডেকা বৰুৱা, টিম হিউমেনিটিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ বৰুৱা, সম্পাদক দুলু লাহন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি গৌতম বনিয়া, সম্পাদক ৰিছিভূষণ হাজৰিকা, প্ৰিয়বন্ধু গোটৰ সভাপতি দিপান্ত বনিয়া, সম্পাদক ৰন্টু গগৈ, বিশিষ্ট ব্যৱসায়ী সত্য আগৰৱালা প্ৰমূখ্যে কেইবাগৰাকীও স্থানীয় লোক উপস্থিত থাকে ।
অৰ্ধশতাধিক লোকে ৰক্তদান কৰা উক্ত কাৰ্যসূচীতে টিম হিউমেনিটিৰ সক্ৰিয় কৰ্মী তথা ৩৫ বাৰকৈ ৰক্তদান কৰি দৃষ্টান্ত দাঙি ধৰা যুৱ শিক্ষক দেৱৰাজ বৰাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ।