নাৰায়নপুৰ: নিজকে স্বাবলম্বী কৰি তুলিবলৈ কৰা প্ৰচেষ্টাত আউল লগাবলৈ আহিছে এচাম তথাকথিত ধৰ্মান্ধ | ৰাজ্যত কোৰনাসৃষ্ট পৰিবেশৰ বাবে বহুলোকৰ জীৱন আৰু জীৱিকাত ব্যাপক ৰূপত বাধাৰ সৃষ্টি কৰাৰ সময়তে বহুজনে সলনি কৰিবলৈ বাধ্য হৈছে নিজৰ কৰ্মজীৱন।

স্বাবলম্বনৰ বাবে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খোলা আৰু ব্ৰইলাৰ কাটি বিক্ৰী কৰাৰ অপৰাধত নাৰায়ণপুৰত তিনিটাকৈ পৰিয়াল এঘাৰীয়া কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

একশৰণ ভাগৱতী সমাজ, অসমৰ নাৰায়ণপুৰ আঞ্চলিকৰ অন্তৰ্গত শেনচোৱা (ক) প্ৰাথমিক শাখাৰ দুটা পৰিয়ালক ‘ব্ৰইলাৰ ফাৰ্ম’ খোলাৰ অপৰাধত আৰু অন্য এটি পৰিয়ালক ব্ৰইলাৰ কাটি বিক্ৰী কৰাৰ অপৰাধত সমাজৰ পৰা এঘাৰীয়া কৰা হৈছে ।
প্ৰাথমিকটোৰ অন্তৰ্গত পূৰ্ণেশ্বৰ দাস, জুনু বৰা আৰু গোবিন দাসৰ পৰিয়ালক পত্ৰযোগে সমাজৰ পৰা এঘৰীয়া কৰে ৷ পূৰ্ণেশ্বৰ দাসৰ কন্যাই আৰু গোবিন দাসৰ ভাতৃ প্ৰবীন দাসে ঘৰৰ সমীপত ব্ৰইলাৰ ফাৰ্ম খোলাৰ বিপৰীতে জুনু বৰাৰ পুত্ৰ ৰঞ্জিত বৰাই ব্ৰইলাৰ কাটি খুচুৰা ব্যৱসায় কৰি আহিছিল ৷

প্ৰাথমিকটোৰ সভাপতি মদন দাস আৰু সম্পাদক হৰি বৰা স্বাক্ষৰ কৰা এখন পত্ৰত উল্লেখ থকা অনুসৰি সমাজৰ সাংগঠনিক দিশৰ ওপৰত লক্ষ্য ৰাখি সমাজৰ নীতি উলংঘা কৰাৰ অপৰাধত প্ৰাথমিকৰ সভাত লোৱা সিদ্ধান্তমৰ্মে পৰিয়াল তিনিটাক এঘৰীয়া কৰা হয় ৷

উল্লেখ্য যে ব্ৰইলাৰ ফাৰ্ম খুলি আৰু মাংস কাটি বিক্ৰী কৰি নিজে স্বাৱলম্বী হৈ পৰিয়াল-পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ সময়তে এক শৰণ ভাগৱতী সমাজৰ পৰা এঘাৰীয়া কৰাৰ ঘটনাই পৰিয়ালকেইটাৰ মাজত হতাশাৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

আনহাতে পবিত্ৰ ভাদ মাহ আজিৰে পৰা আৰম্ভ হোৱা সময়ত এনেদৰে সমাজৰ পৰা এঘাৰীয়া কৰাৰ ঘটনাত পৰিয়াল কেইটা মানসিক ভাৱে ভাগি পৰিছে ।
একেটা অঞ্চলৰ পৰা কিছু বছৰৰ আগতে স্থানীয় শংকৰদেৱ সংঘৰ বিষয়ববীয়াইও এনে সিদ্ধান্ত লৈ ভিন্নজনক হাৰাশাস্তি কৰি আহিছিল। শংকৰ-মাধবৰ নাম লৈ এচাম ধৰ্মভীৰু লোকৰ বহুৱালীত অতিষ্ঠ আজি সমাজৰ বহু সাধাৰন ভাবে বসবাস কৰা পৰিয়াল।এনে সংগঠনে সমাজক আজিও এলান্ধুকলীয়া নীতিনিয়মৰ দোহাই চলাই অহা কাৰ্যত আইনগত ব্যবস্থা লোৱাৰো দাবী তুলিছে সচেতন মহলে।

লগতে পঢ়ক বিভি নাগাৰাথনা হ’ব পাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply