নাৰায়ণপুৰ: যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয় সমূহত কৰ্ম সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰিবলৈ কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনাইছে, ঠিক সেই সময়তে মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বানক বৃদ্ধাংগুস্থ প্ৰদৰ্শনেৰে নাৰায়ণপুৰত এগৰাকী বিষয়াই নিজ খেয়ালখুছি মতে চলাই গৈছে নিজৰ কাৰ্যালয়।

নাৰায়ণপুৰ সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাধৰ দেউৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। আজি এটা সাংবাদিকৰ দল দুপৰীয়াৰ ভাগত কাৰ্যালয়টোত উপস্থিত হৈ বিষয়া গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতাৰ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হ’ল।

কাৰ্যালয়টোলৈ মাহটোত দুই-তিনিদিন আহিয়েই নিজৰ দায়িত্ব সামৰা বিষয়া গৰাকীৰ বিৰুদ্ধে দৈনিক উপস্থিতিৰ বহীত স্বাক্ষৰ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, বিষয়া গৰাকীৰ অনিয়মীয়া উপস্থিতিৰ ফল ভূগিছে সাধাৰণ ৰাইজে।

এই ক্ষেত্ৰত কাৰ্যালয়টোৰ তলৰ পৰ্যায়ৰ কৰ্মচাৰী সকলো যথেষ্ট সমস্যাৰ সন্মুখীন হৈ অহা বুলি সংবাদকৰ্মী সকলৰ সমুখত প্ৰকাশ কৰে কৰ্মচাৰী সকলে। ইফালে, নাৰায়ণপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উপৰিও ঢকুৱাখনা আৰু ধেমাজি সাংস্কৃতিক কেন্দ্ৰৰ দায়িত্বতো বিষয়া গৰাকী নিয়োজিত হৈ আছে বুলি জানিব পৰা গৈছে । এতিয়া প্ৰশ্ন হয় এনেধৰণৰ বিষয়া-কৰ্মচাৰীক নাকী লগাবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী গৰাকী?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply